Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Showing posts with label PAKHI. Show all posts
Showing posts with label PAKHI. Show all posts

Wednesday, January 27, 2021

Gupute Gupute | Pakhi | Zubin Garg | Assamese Song Lyrics

Song:- Gupute Gupute (গুপুতে গুপুতে)
Singer- Zubin Garg (জুবিন গাৰ্গ)
Album- Pakhi (পাখি)

গুপুতে গুপুতে অকলে এৰি থৈ
ক'তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্ৰু বগৰে
এতিয়া নীৰৱ নৈ তুমি ৷
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক
এতিয়া এন্ধাৰকে ল'লা সাৱটি
চকু মেলা সাৰ পোৱা মোলে' চোৱা 
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
চেচাঁ চেচাঁ আঙুলি এয়াতো নহয় তুমি 
গধুূূূূলি গোলাপ মোৰ শুই থকা জননী 
নতুন ফাগুন মোৰ হেৰোৱা সপোন  মোৰ
তোমাৰেই পাৰিজাত তোমাকে সামৰি ৷

গুপুতে গুপুতে অকলে এৰি থৈ
ক'তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্ৰু বগৰে
এতিয়া নীৰৱ নৈ তুমি ৷


আজিও শিশু মই গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি তুমি চকু নেমেলিলা
নাচালা মোলে' নিদিলা সঁহাৰি ৷৷

গুপুতে গুপুতে অকলে এৰি থৈ
ক'তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্ৰু বগৰে
এতিয়া নীৰৱ নৈ তুমি ৷
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক
এতিয়া এন্ধাৰকে ল'লা সাৱটি
চকু মেলা সাৰ পোৱা মোলে' চোৱা 
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
উঠা জাগা সাৰ পোৱা কথা কোৱা
আকৌ এবাৰ মাত দিয়া মোক চোৱা৷

Thursday, August 16, 2018

Pakhi Pakhi Ei Mon | Pakhi | Zubeen Garg | Assamese Song Lyrics


assamese song lyrics,lyrics,assamese,assamese song,assamese music,assamese lyrics,assamese gospel song lyrics,assamese songs,assamese video song,assamese christian song lyrics,assamese lyrics video,assamese gospel song lyrics video,assamese lyrical,assamese theater songs,zubeen garg assamese songs,assamese lyrical video,assamese video music,assamese new song,old assamese song,assamese song 2018,assamese album song

Song:- Pakhi Pakhi Ei Mon  (পাখি পাখি এই মন)
Singer:- Zubeen Garg
Album:- Pakhi (পাখি )
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি
পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদুলিত
বুটলি আন ল'ৰালি
উৰি
পাখি মেলি যা উৰি

দেউতাৰ হাঁহিৰে
আইৰ সতে উমলি
ৰ'দে বৰষুণে ধেমালি
আঁজলি সেই আবেলি
উৰি
পাখি মেলি যা উৰি

দোকমোকালিৰ মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাত এঁচাৰি
খিৰিকিৰ ফাঁকেৰে মুকুলিৰ আঁবেলি
ঘৰলৈ উভতি খেলা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একেকোবে মাৰ বুকু
পঢ়া তেবুলত 
ভাগৰৰ টোপনি
আইৰ নিচুকনি মৰমৰ বুলনি

পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি
পাখি মেলি যা উৰি

জোনমণি ৰুণজুন
তেতিয়া চকুত জোন
নিভাঁজ আবেগৰ
টোপা-টোপে সঁৰা সোণ

সাতুৰি নাদুৰি
এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি
নিজকে বিচাৰো কোন

ৰঙা নীলা চিলা
উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে
চঁকুলো বুটলি

পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি
পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদুলিত
বুটলি আন ল'ৰালি
উৰি
পাখি মেলি যা উৰি

দেউতাৰ হাঁহিৰে
আইৰ সতে উমলি
ৰ'দে বৰষুণে ধেমালি
আঁজলি সেই আবেলি
উৰি
পাখি মেলি যা উৰি
______________________________