Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, April 15, 2026

Gorur Bihu Godhuli (গৰুৰ বিহু গধূলি) | ASSAMESE SONGS LYRICS | ZUBEEN GARG | BIHU



শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, অনুপম শ‍ইকীয়া

সুৰ: অনুপম শ‍ইকীয়া

কথা: অনুপম শ‍ইকীয়া


গৰুৰ বিহু গধূলি হুঁচৰি গায়

গৃহস্থই চাকি ধূপ-ধূনা জ্বলাই

কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ

শৰাই খনি থবি সজাই

মোৰ আই ঐ, শৰাই খনি থবি সজাই


গাওঁৰ ঘৰে ঘৰে হুঁচৰি গাই

গৃহস্থই ৰাইজক সেৱা জনাই

মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো

বছৰটি যে কুশলে যায়

মোৰ আই ঐ, বছৰটি যে কুশলে যায়


ঢোলে তালে খোলে হুঁচৰি গাই

হুঁচৰিৰ তুলনা পাবলৈ নাই

ৰাইজৰ পদ-ধূলাই প্ৰবিত্ৰ কৰিছে

চৌদিশে ৰজন জনাই

মোৰ আই ঐ সেৱকীয়ো আহা ওলাই


ঐ ৰাম, গৰু গাই বান্ধি লৈ

ঐ ৰাম, ভকত সব আহিছে

ঐ ৰাম, গাতে চেলেং চাদৰ লৈ

এনে বিনন্দীয়া, আমাৰে হুঁচৰি

নেগায় থাকো কেনেকৈ

মোৰ আই ঐ চিৰদিন থাকিব বৈ

ঐ ৰাম, হুঁচৰি সামৰি

ঐ ৰাম, ভকত হ'ল আজৰি

ঐ ৰাম, শৰাই অৰিহণা লৈ

আমি ডেকাসবে ব’লা বিহু মাৰো

নাচনীক লগতে লৈ

মোৰ আই ঐ নাচনীক লগতে লৈ


Moi Nojanake (মই নজনাকে) | ASSAMESE SONGS LYRICS | ZUBEEN GARG | BIHU

 


শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, ভিতালী দাস

সংগীত: বিমান বৰুৱা

কথা: বিমান বৰুৱা


মই নজনাকে জান ঐ

হ’লানো বৰ এজনী

মই নজনাকে জান ঐ

হ’লানো বৰ এজনী

চকুতে পিৰীতিৰ

তোমাক কি বুলি

জোনালী নে জানমণি

ভাল লাগিল তোমাকে লগ পাই

থাকিবানে কাষতে সদায়


এদিন দুদিন কৰি জান ঐ

বছৰনো যায় বাগৰি

দিলো মই যৌৱনত ভৰি

ঐ ফুলে ৰাতি শেৱালী

মাতা তুমি যি বুলি

আশাৰে আছোনো বাট চাই

দিবা মৰম হিয়া উপচায়


মই দূৰণিতে জানৈ কৰিছিলো চাকৰি

নাপালোঁ সময়ত চুটি

তোমাৰে ঐ বাতৰি নেপাওঁ ভালেকৰি

ওৰে ৰাতি উজাগৰে যায়

তোমাৰে ছবিখনি চায় চায়


মন ভাৱনাতে জানৈ থাকোনো উটিভাহি

তোমাৰে কথা সুঁৱৰি

ঐ ভৰিনো খায় পিছলি

মন উজনি ভাটি

ভাল লাগিল আজি কাষত পায়

দিবা মৰম বুকু উপচায়.........

Bati Bhorai Sira Khabi (বাতি ভৰাই চিৰা খাবি) | ASSAMESE SONGS LYRICS | ZUBEEN GARG | BIHU

শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, ভিতালী দাস

সংগীত: বিমান বৰুৱা 

সুৰ: বিপিন চাউদাং


বাতি ভৰাই চিৰা খাবি, বাঁহৰ চুঙাৰ দৈ

বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ ও 

জুহালতে জুটি লবি হাজৰ বাতি লৈ 

হাজৰ বাতি লৈ ঐ হাজৰ বাতি লৈ 


ঐ বিয়া পাতি জুতি ল’বি জাৰৰ দিনত ঐ

কেথা কম্বল লৈ ঐ কেথা কম্বল লৈ


পইতাঁ কৰ্কৰা খাবি জুতি পুতি লৈ

জুতি পুতি লৈ ঐ জুতি পুতি লৈ

দৰা বাচি বাচি থবি গাভৰুতে ঐ

গাভৰুতে ঐ গাভৰুতে ঐ

বিয়া পাতি জুতি ল’বি জাৰৰ দিনত ঐ

কেথা কম্বল লৈ ঐ কেথা কম্বল লৈ


টুকি ভৰাই ফুল আনিবি জবা খৰিকা জাই 

জবা খৰিকা জাই ঐ জবা খৰিকা জাই 

মোনা ভৰাই শাক আনিবি লফা ঢেকিয়া লাই 

ঐ লফা ঢেকীয়া লাই ঐ লফা ঢেকিয়া লাই 


ছোৱালী আনিবি ককাই তপিনা ডাঙৰ চাই 

ঐ তেহে বেছি দিন যায় ঐ তেহে বেছি দিন যায়


লাজুকী বন নুচুবি ককাই চুলে জয় পৰে 

চুলে জয় পৰে ঐ চুলে জয় পৰে

দমৰা ডেকাই ছোৱালী জোকাই ফিতাহি মাৰি ফুৰে

ফিতাহি মাৰি ফুৰে ঐ ফিতাহি মাৰি ফুৰে


ঐ বিয়া পতাৰ দুদিনতে লেৰি শুকাই পৰে 

আধমৰা যেন লাগে ঐ আধমৰা যেন লাগে 

Ramochandra Nohou Je Moi (ৰামচন্দ্ৰ নহওঁ যে মই) | ASSAMESE SONGS LYRICS | ZUBEEN GARG | BIHU

শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, নিৰ্মালী দাস

সংগীত: মানস ৰবীন

কথা: মানস ৰবীন


অ' ৰামচন্দ্ৰ নহওঁ যে মই বনত দিবলে

অ' সীতাক বনত দিবলে

অর্জুনো নহওঁ যে মই ভগাই ল’বলে

দ্রোপদীক ভগাই ল’বলে

দুষ্মন্ত নহওঁ যে মই আঙুঠি পিন্ধাই

অ’ জান ঐ আঙুঠি পিন্ধাই

আঙুঠি পিন্ধাই তোমাক পাহৰিবলৈ


ঐ সীতা দেৱী নহওঁ যে মই লুকাই যাবলে

পাতালত লুকাই যাবলে

শকুন্তলা নহওঁ যে বিচাৰি যাবলে

দুষ্মন্তক ঘূৰাই পাবলে

দ্রোপদী নহওঁ জান ঐ পঞ্চপাণ্ডৱক

ঐ জানৈ পঞ্চপাণ্ডৱক

বমাল্য পিন্ধাই সতীৰ ভাওঁ দিবলে


ভীষ্মও নহওঁ যে মই নাপাতিবলে

বিয়াখন নাপাতিবলে

অনিৰুদ্ধ নহওঁ যে পলুৱাই নিবলে

উষাক পলুৱাই নিবলে

শ্ৰীকৃষ্ণও যে মই নহ'লো জানা

সঁচাকৈ নহ'লো জানা

ষোল্লশ গোপীকে জানা নচুৱাবলে

অ' জান ঐ নচুৱাবলে


ঐ উষা দেৱী নহওঁ যে মই পলাই যাবলে

অ' জান ঐ পলাই যাবলে

মীৰাবাই ও নহ'লো মই ভজন গাবলে

জীৱনটো ভজন গাবলে

ৰাধা ৰুক্মনী ও যে নহ'লো জানা

তুমি বাঁহী বজাই দিলে নাচি দিবলে


অ' ৰামচন্দ্ৰ নহওঁ যে মই বনত দিবলে

অ' সীতাক বনত দিবলে

অর্জুনো নহওঁ যে মই ভগাই ল’বলে

দ্রোপদীক ভগাই ল’বলে

দুষ্মন্ত নহওঁ যে মই আঙুঠি পিন্ধাই

অ’ জান ঐ আঙুঠি পিন্ধাই

আঙুঠি পিন্ধাই তোমাক পাহৰিবলৈ

Dikhou Noi Eribo Nuaro (দিখৌ নৈ এৰিব নোৱাৰো) | ASSAMESE SONGS LYRICS | ZUBEEN GARG | BIHU

 


শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, সুবাসনা দত্ত

সংগীত: মানস ৰবীন

কথা: মানস ৰবীন


দিখৌ নৈ এৰিব নোৱাৰো

জাঁজী নৈ এৰিব নোৱাৰো

মৰম অ’ই এৰিব নোৱাৰো

মৰিবও নোৱাৰ নোৱাৰো


ৰঙা ৰঙা পলাশে হাঁহিছে

তাকে দেখি পচোৱা বলিছে ||


পলাশ নহয় জুমি চোৱা

ইযে মোৰ কলিজাৰে ৰঙা তেজ


দিখৌ নৈ এৰিব নোৱাৰো

জাঁজী নৈ এৰিব নোৱাৰো


মৰমে টানিছে ইফালে

চেনেহে বান্ধিছে সিফালে

হৃদয়ে কান্দিছে অকলে

কোনেও নুবুজে নুবুজে


তোমালে মোক নিদিয়ে সহজে

তোমাকো জানো দিব মোক নিবলে


আমাৰ ঘৰে তোমাৰ ঘৰে

নিদিয়ে আমাৰ মিলন হ’বলে

দিখৌ নৈ এৰিব নোৱাৰো

জাঁজী নৈ এৰিব নোৱাৰো


আগলে যাবও নোৱাৰো

উভতি চাবও নোৱাৰো

থমকি ৰ’বও নোৱাৰো 

আপোনঘাতী হ’বও নোৱাৰো


ঘৰৰ কথা পেলাব নোৱাৰো 

তোমাক এৰি আনৰ হ'ব নোৱাৰো

দুখন নাৱত দুভৰি থৈ

বঠা বাবও যে মই নোৱাৰো 

দিখৌ নৈ এৰিব নোৱাৰো 

জাঁজী নৈ এৰিব নোৱাৰো

Asinayang Mane Ki (আচিনায়াং মানে কি) | ASSAMESE SONGS LYRICS | ZUBEEN GARG | BIHU



শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, বৰ্ণালী কলিতা

সুৰ: মানস ৰবীন

কথা: মানস ৰবীন


আঃচিন-আঃয়াং মানে কি অ' মৰমী

আঃচিন-আঃয়াং মানে বুকুৰে মৰম

তুমি যদি বুজি পোৱা মোৰে চেনাইটি ।

আঃইপৌ মৌঃনাম মানে কি অ' মৰমী

আঃইপৌ মৌঃনাম মানে হ'ল

তোমাকে ভাল পাওঁ

লুইতেদি উজায়ে মই তোমালৈয়ে যাওঁ


ঘৃণাসুতিৰে পাৰত বহি মোৰ

জংকি-পানৈৰ কথা শুনিবৰ মন যায় ।

থাকিবানে সঁচাকৈ মোৰ কনেং ঐ

মই আহিমে বুলি তুমি বাটে চাই ।

অ' অ' অ' ..


ফাগুণত আহিবা লিগাং চাবলৈ

ৰঙা ৰিবি-গাছেং গাতে লবলৈ ।

আঃচিন-আঃয়াং মানে কি অ' মৰমী

 আঃচিন-আঃয়াং মানে হ'ল বুকুৰে মৰম 

তুমি যদি বুজি পোৱা মোৰে চেনাইটি ।

আঃচিন-আঃয়াং মানে হ'ল বুকুৰে মৰম 

তুমি যদি বুজি পোৱা মোৰে চেনাইটি । 

ঐনিতম এটি হৈ মোৰ কনেং ঐ

বাজি থাকিবা তুমি মোৰ বুকুত ঐ ।

পাহৰিব নোৱাৰিম ম‍ই সঁচাকৈ

ৰাগি আপংৰ লাগিছে যে বেয়াকৈ ।

অ' অ' অ'......

ঐনিতম এটি হৈ মোৰ কনেং ঐ 

বাজি থাকিবা তুমি মোৰ বুকুত ঐ ।

পাহৰিব নোৱাৰিম ম‍ই সঁচাকৈ

ৰাগি আপংৰ লাগিছে যে বেয়াকৈ ।

মৰমৰ চিলনী সাঁতুৰ দিবলে

আহিবা চেনাই ঐ মোৰে লগতে ।

আঃচিন-আঃয়াং মানে কি অ' মৰমী 

আঃচিন-আঃয়াং মানে হ'ল বুকুৰে মৰম 

তুমি যদি বুজি পোৱা মোৰে চেনাইটি ।


আঃইপৌ মৌঃনাম মানে কি অ' মৰমী

আঃইপৌ মৌঃনাম মানে হ'ল

তোমাকে ভাল পাওঁ

লুইতেদি উজায়ে মই তোমালৈয়ে যাওঁ ।

Kinu Sawonire Sala Muk Oi (কিনো চাৱনিৰে চালা মোক ঐ) | ASSAMESE SONGS LYRICS | ZUBEEN GARG | BIHU


শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, ভিতালী দাস

সংগীত: জুবিন গাৰ্গ


কিনো চাৱনিৰে চালা মোক ঐ

দেহা শিৰ শিৰাই গ'ল মইনাজান ঐ

দেহা শিৰ শিৰাই গ'ল মইনাজান ঐ

পেটলৈ ভাত নোযোৱা

পেটলৈ ভাত নোযোৱা হ'ল

ঐ, কিনো হাঁহিটিৰে মোহিলা ঐ

নুবুজা সাঁথৰ হ'ল মইনাজান ঐ

নুবুজা সাঁথৰ হ'ল মইনাজান ঐ

নোকোৱাকৈ মনৰ কথা

নোকোৱাকৈ মনৰ কথা ৰ'ল ।

ঐ, কিনো চাৱনিৰে চালা মোক ঐ

দেহা শিৰ শিৰাই গ'ল মইনাজান ঐ

দেহা শিৰ শিৰাই গ'ল মইনাজান ঐ

পেটলৈ ভাত নোযোৱা

পেটলৈ ভাত নোযোৱা হ'ল

কিনো জুইৰে অগনি ঐ

নোৱাৰি সহিব মইনাজান ঐ

নোৱাৰি সহিব মইনাজান ঐ

যেন বুকুত মাৰে ঢেকিৰে

যেন বুকুত মাৰে ঢেকিৰে চাপ

জীয়া যৌৱন বুকুত বান্ধি ঐ

কিমান দিন থাকিম মইনাজান ঐ

কিমান দিন থাকিম ম‍ইনাজান ঐ

যেন পৰিব বয়সৰ

যেন পৰিব বয়সৰ ছাঁ

কিনো জুইৰে অগনি ঐ

নোৱাৰি সহিব মইনাজান ঐ

নোৱাৰি সহিব মইনাজান ঐ

যেন বুকুত মাৰে ঢেকিৰে

যেন বুকুত মাৰে ঢেকিৰে চাপ ৷

দিছো বুকু পাতি মাৰা যাঠি মোক ঐ

তেজেৰে বৈ যাব বোৱতী নৈ

তেজেৰে বৈ যাব বোৱতী নৈ

মৰি মৰি যেন তোমাৰ কাষ

মৰি মৰি যেন তোমাৰে কাষ পাম

বুজো চকুৰে ভাষাটি ঐ

নকলেও বুজো কথাটি ঐ

নকলেও বুজো কথাটি ঐ

যেন হিয়া ভৰাই তোমাক

যেন হিয়া ভৰাই তোমাক চাঁও

দিছো বুকু পাতি মাৰা যাঠি মোক ঐ

তেজেৰে বৈ যাব বোৱতী নৈ

তেজেৰে বৈ যাব বোৱতী নৈ

মৰি মৰি যেন তোমাৰ কাষ

মৰি মৰি যেন তোমাৰে কাষ পাম

কোন দূৰণিৰ বাঁহীটি ঐ

ভাঁহি আহে মিঠা সুৰ এটি লৈ

ভাঁহি আহে মিঠা সুৰ এটি লৈ

যেন বুকুতে বজা যেন 

যেন বুকুতে বজা যেন পায়

অ' সপোনতে দেখা দিলাহি ঐ 

কিনো ক’লা বুজি নাপালো ঐ 

কিনো ক'লা বুজি নাপালো ঐ

 দিঠকলৈ হে বাটে মই 

দিঠকলৈ হে বাটে ম‍ই চাম

কোন দূৰণিৰ বাঁহীটি ঐ

ভাঁহি আহে মিঠা সুৰ এটি লৈ 

ভাঁহি আহে মিঠা সুৰ এটি লৈ 

যেন বুকুতে বজা যেন 

যেন বুকুতে বজা যেন পায়

যেন বুকুতে বজা যেন পায় 

যেন বুকুতে বজা যেন পায় ৷৷