Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Showing posts with label Mukti. Show all posts
Showing posts with label Mukti. Show all posts

Friday, August 24, 2018

ANDHA AKAKH (Mukti) | ZUBEEN | JONKI | MUKTI | Assamese Song Lyrics

assamese song lyrics,lyrics,assamese,assamese song,assamese music,assamese lyrics,assamese gospel song lyrics,assamese songs,assamese video song,assamese christian song lyrics,assamese lyrics video,assamese gospel song lyrics video,assamese lyrical,assamese theater songs,zubeen garg assamese songs,assamese lyrical video,assamese video music,assamese new song,old assamese song,assamese song 2018,assamese album song

Song- Andha Akakh (Mukti)
Singer- Zubben Garg & Jonki Barthakur
Album- Mukti
অন্ধ আকাশ ক্ৰুদ্ধ বতাহ
ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক
অন্ধ মনৰ বন্ধ কোঠাত
হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ
মুকুতি আজি দেখো 
দিশহাৰা হৈ ৰয়
দিশে দিশে চলে মাথো
মৃত্যুৰ ৰথ
মৃত্যু এতিয়া সহজ
মৃত্যু এতিয়া উচৱ
মৃত্যু যদি শিল্প হয়
মৃত্যু কিদৰে সুলভ
মৃত্যু এতিয়া সহজ


অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
জীৱন মৰণৰ স্বপ্ন বাহক
মগ্ন বিভোৰ অন্ধ সুখত
ক্লান্ত জীৱন আজি
ক্লান্ত দিঠক আজি
ক্লান্ত জীৱন আজি
ক্লান্ত দিঠক আজি
দুচকুত ভাহে মাথোঁ
শান্তিৰ শুভ্ৰ ৰথ
মুকুতিৰ শুদ্ধ পথ


মুক্ত হোৱাৰ সপোন দেখি
পশু হোৱাত কিমান বাকী
জীৱন দিয়াৰ ক্ষমতানো কাৰ
জীৱন লোৱাৰ ক্ষমতা অপাৰ
জন্ম লোৱাৰ অৰ্থ বিশাল
অৰ্থ নৰ'ল হ'ল মহাকাল
শিশুৰ মুখৰ হাঁহি
কেতিয়াকে ঘুৰি আহি
শিশুৰ মুখৰ হাঁহি
কেতিয়াকে ঘুৰি আহি
আদৰিব নৱ প্ৰভাতক
শান্তিৰ সুৰুযক 
মুকুতিৰ সুৰুযক


মুক্ত আকাশ শান্ত বতাহ
কবিতাৰ ৰাতিৰ স্নিগ্ধ জোনাক
শুদ্ধ মনৰ মুক্ত কোঠাত 
মানৱ প্ৰেমৰ মুৰ্ত প্ৰকাশ
মুকুতি আজি আহি দুচকুত সাৰে ৰয়
বুকুৱে বুকুৱে বয় শান্তিৰ ঢল
মুকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত
মুকুতি এতিয়া নিজৰ
মকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত
মুকুতি এতিয়া নিজৰ

Tumi Sua Jatia (তুমি চোৱা যেতিয়া) | Zubeen Garg | Assamese Song Lyrics

assamese song lyrics,lyrics,assamese,assamese song,assamese music,assamese lyrics,assamese gospel song lyrics,assamese songs,assamese video song,assamese christian song lyrics,assamese lyrics video,assamese gospel song lyrics video,assamese lyrical,assamese theater songs,zubeen garg assamese songs,assamese lyrical video,assamese video music,assamese new song,old assamese song,assamese song 2018,assamese album song

Song- Tumi Sua Jatia
Singer-Zubeen Garg
তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ‘দে হাঁহে ফুল ফুলে কথা  ক'লে
তুনি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত 
সৃষ্টিৰ অপৰূপ অনন্ত

মেঘালী চুলিটাৰিত
ঢৌ খেলে ৰ'দালি
হাঁহিতে মিচিকনি
সোনাৰুৰে পাঁহি
সজল সজল চাৱনি
তৰাৰে জিলিকনি
সেন্দুৰীয়া ওঁঠতে
কথাৰে নিচুকনি
বুকুৰে মাজতে দেখো জাগে সপোন
চকুৰ পঁতাত আকি তোমাক চিকুন
বুকুৰে মাজতে দেখো জাগে সপোন
চকুৰ পঁতাত আকি তোমাক চিকুন
তোমাৰ মৰমত
জ্বলি ৰ'ম সকলো হেৰুৱাই

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ‘দে হাঁহে ফুল ফুলে কথা  ক'লে
তুনি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত 
সৃষ্টিৰ অপৰূপ অনন্ত

পুৱা দুচকু মেলি
এপল দুপল আবেলি
নিজম নিজম গধুলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালি
ভৰি আছে পদুলি
তুমি গৰকি গলেই
সিও হ'ব সোনালী
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাঁহি বুকুৰ মাজত
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাঁহি বুকুৰ মাজত
এতিয়া দুৰ আকাশ
পৰেহি দুবাহুত পিচলি

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ‘দে হাঁহে ফুল ফুলে কথা  ক'লে
তুনি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত 
সৃষ্টিৰ অপৰূপ অনন্ত