Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, April 15, 2026

Alohi Hoi Ahim Edin (আলহী হৈ আহিম এদিন ) | Assamese Songs Lyrics



শ্ৰেণী: বিহু গীত

কণ্ঠ: জুবিন গাৰ্গ, নিৰ্মালী দাস

সংগীত: বিমান বৰুৱা

সুৰ: শোণিত গগৈ

কথা: শোণিত গগৈ


আলহী হৈ আহিম এদিন তোমাক চাবলৈ 

দৰা সাজি আহিম এদিন তোমাক নিবলৈ 

আলহী হৈ আহিম তোমাক চাবলৈ

দৰা সাজি আহিম এদিন তোমাক নিবলৈ

আয়তীয়ে উৰুলিৰে বহাব কাষত

সমনীয়াই জোকাব মোক আহি ওচৰত

আয়তীয়ে উৰুলিৰে বহাব কাষত 

সমনীয়াই জোকাব মোক আহি ওচৰত

মোৰ সোণ সিদিনা, তুমিতো কান্দিবা 

কেনেকৈনো নিচুকাম মই সমাজৰ আগত

 কেনেকৈনো নিচুকাম মই সমাজৰ আগত ।


ক'লা ছাতিৰ আঁৰত কাৰো নালাগে নজৰ

পদূলিতে মায়ে দিব চুমা মৰমৰ

ক'লা ছাতিৰ আঁৰত কাৰো নালাগে নজৰ

পদূলিতে মায়ে দিব চুমা মৰমৰ

ভনীয়ে ধুৱাব ভৰি তামূলী পিৰাত

ভাইটীয়ে বোকোছাত লৈ বহাব ৰভাত 

ভনীয়ে ধুৱাব ভৰি তামূলী পিৰাত

ভাইটীয়ে বোকোছাত লৈ বহাব ৰভাত

মোৰ জান সিদিনা, লাগিব কেনেবা

চাঁও বুলি চাবলৈ মই নোৱাৰিম তোমাক

চাঁও বুলি চাবলৈ মই নোৱাৰিম তোমাক ।


ভণ্টীয়ে এটাই কথা শুনাই বৰেকৈ 

নবৌক পালে পাহৰিবি দাদা আমালৈ

ভণ্ডীয়ে এটাই কথা শুনাই বৰেকৈ

নবৌক পালে পাহৰিবি দাদা আমালৈ

ভাইটিয়ে নুজোকায় মোক মাৰৰে ভয়ত

তোমাক পিছে নুজোকায় সি নেৰে সহজত

ভাইটিয়ে নুজোকায় মোক মাৰৰে ভয়ত

তোমাক পিছে নুজোকায় সি নেৰে সহজত 

জানো সোণ পাৰিবা মৰমে বান্ধিবা

নিজৰ বুলি সাবতিলৈ বুকুৰে মাজত 

নিজৰ বুলি সাবতিলৈ বুকুৰে মাজত ।


আজি তুমি যিমান মৰম ৰাখিছা মোলৈ

কমে যদি লাহে লাহে বিয়াৰ পাছলৈ

আজি তুমি যিমান মৰম ৰাখিছা মোলৈ

কমে যদি লাহে লাহে বিয়াৰ পাছলৈ

আজি তুমি যত সপোন ৰচিছা মোলৈ

হেৰাই যদি লাহে লাহে পালে মোক কাষত

আজি তুমি যত সপোন ৰচিছা মোলৈ

হেৰাই যদি লাহে লাহে পালে মোক কাষত 

মোৰো জান তেতিয়া, জানো মোক ৰাখিবা

মৰমেৰে সাবতিলৈ বুকুৰে মাজত

মৰমেৰে সাবতিলৈ বুকুৰে মাজত

মৰমেৰে সাবতিলৈ বুকুৰে মাজত ।।

No comments:

Post a Comment